চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত ক’ভিডত মৃত্যু হোৱা লোকক বিজ্ঞানসন্মতভাৱে সৎকাৰৰ ব্যৱস্থা প্ৰশাসনৰ

 05/26/2021 - 18:12

 

জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ক্ৰমাৎ বৃদ্ধি পাই অহা ক'ৰণা মহামাৰীৰ বাবেই ইখনৰ পাচত সিখন গাঁও কৰা হৈছে কন্টেইনমেন জ'ন৷ এই মূহুৰ্তলৈ ৭ গৰাকীৰ মৃত্যু হোৱাৰ লগতে পাঁচশতাধিক লোক ক'ৰণাত আক্ৰান্ত হৈছে৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত ক’ভিড পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ সকলো ব্যৱস্থা কৰাৰ লগতে  ক’ভিডত মৃত্যু হোৱা লোকক বিজ্ঞান সন্মতভাৱে সৎকাৰৰ ব্যৱস্থা কৰিছে৷ ইতিমধ্যে জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দাঁতিত প্ৰশাসনে সম্পূৰ্ণ কৰি তুলিছে মৃতদেহ সৎকাৰ কৰা আধুনিক তথা বৈজ্ঞানীক শাল৷ বিজুলিৰ লগতে মৃতদেহ সৎকাৰৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে প্ৰশাসনৰ তত্ত্বাৱধানত বিজেপি দলৰ নেতা কৰ্মীসকলে৷ মঙলবাৰে শ্মশানথলীত ৰাজহুৱা শ্ৰমদান কৰি চেনিটাইজিংৰ ব্যৱস্থা কৰে নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰাৰ নেতৃত্বত সদস্যসকলে৷ এই ক্ষেত্ৰত সহযোগীতা আগবঢ়ায় নদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডা° আকাশদ্বীপ কাকতি, উত্তৰ জামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডা° ৰূপক বৰুৱা জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল নাথৰ লগতে বিভিন্নজনে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।