২০১৯-২০ নাট্যবৰ্ষৰ বাসুদেৱ থিয়েটাৰৰ ব্যয়বহুল প্ৰস্তুতি

 05/25/2019 - 14:12

ডিজিটেল ডেস্ক: লখিমপুৰ জিলাৰ মহাইজানৰ পৰা আত্মপ্ৰকাশ কৰা বাসুদেৱ থিয়েটাৰে ২০১৯-২০ বৰ্ষৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। বিগত দুটা বছৰৰ বিপুল সফলতাৰ পাছত চলিত নাট্যবৰ্ষৰ বাবেও ব্যতিক্ৰমী পৰিকল্পনা আৰু বৃহৎ প্ৰযোজনাৰে মহা আয়োজন চলাইছে।

বিগত দুটা বছৰত দৰ্শকৰ সমাদৰ পোৱা "প্ৰেম প্ৰতিজ্ঞা " আৰু "মাতাল প্ৰেমিক"ৰ নাট্যকাৰ অনন্ত দত্তৰ এই বছৰৰ মঞ্চ সফল, ৰোমান্তিক আৰু হাঁহি কান্দোনৰ সমাহাৰে এই বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ নাটক "বলিশাল " আৰু বিগত বৰ্ষৰ "মাৰ চকুলো" নাটকে সমাদৰ পোৱা পাছত ৰমা বৰ্মনৰ আন এখন উপভোগ্য নাটক "সপোনৰ ৰামধেনু"।

এই বছৰৰ অন্য এখন উল্লেখযোগ্য নাটক যশশ্ৰী নাট্যকাৰ দীপক তামুলীৰ এখন মঞ্চ সফল বাস্তৱধৰ্মী নাটক "মোৰ প্ৰেম তোমাৰ অহঙ্কাৰ" এই তিনিওখন নাটকে এই বছৰো দৰ্শকৰ সহাৰি পাব বুলি জানিবলৈ দিয়ে বাসুদেৱ থিয়েটাৰৰ প্ৰযোজক ৰাতুল দাস আৰু সহঃ প্ৰযোজক শান্তনু দিহিঙ্গীয়াই।

প্ৰযোজকে জনোৱা মতে এইবৰ্ষৰ কাৰিকৰী কৌশলৰ লগতে তিনিওখন নাটকৰ গুণগত মানদণ্ড অব্যাহত ৰাখিব। এই বছৰৰ বাবে চুক্তিবদ্ধ হোৱা অভিনেতা অভিনেত্ৰীসকল, ভ্ৰাম্যমান জগতৰ জনপ্ৰিয় অভিনেতা প্ৰতাপ কলিতা, প্ৰবিৰ ডেকা, থানু, অনন্ত বৰা, ৰাগৰঞ্জন, বিজু, তপন আৰু বহুতো ন -পুৰণি শিল্পীসকল।

সম্পাদক অনন্ত বৰাই জনোৱা মতে জুলাই মাহৰ দ্বিতীয় সপ্তাহৰ পৰা নাট্য দলটিৰ পূৰ্ণগতিত আখৰা চলিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।