06/09/2021 - 14:49
in
মৰিগাঁওঃ তিৱা স্বায়ত্ব পৰিষদৰ সিদ্ধান্ত মৰ্মে প্ৰতিটো তিৱা পৰিষদীয় সমষ্টিত প্ৰথম পৰ্যায়ত বিতৰণ কৰিবলগীয়া মাস্ক, চেনিটাইজাৰ আৰু সজাগতামূলক গোহাৰি পত্ৰ ইতিমধ্যে দিবলৈ আৰম্ভ কৰিছে। বুধবাৰ 9 নং দমাল পৰিষদীয় সমষ্টিৰ সদস্য তথা প্রাক্তন মুখ্য কায্যবাহী সদস্য পৱন মান্তাই গুনামৰা, বুঢ়াগাঁও, মৰাকলং আদি গাঁৱলৈ গৈ প্ৰায় ছয় হাজাৰ লোকক ক'ভিড প্ৰটকল বিধিৰ নিয়মানুসাৰে মাস্ক, চেনিটাইজাৰ আৰু সজাগতামূলক গোহাৰি পত্ৰ বিতৰণ কৰে। এইক্ষেত্ৰত তেখেতক সহযোগীতা আগবঢ়ায় গুনামৰা ৰাইজৰ লগতে দলীয় কৰ্মীসকলে।