জামুগুৰিহাটত কন্যকা বিপনীৰ শুভাৰম্ভ কন্যকাৰ সাধাৰণ সম্পাদক মতি কুমাৰ নেৱাৰৰ

 06/09/2021 - 16:59

 

জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মৰিসুতি ব্যৱসায় কেন্দ্ৰত আজি কন্যকা বিপনীৰ শুভাৰম্ভ কৰা হয়৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ জৰিয়তে তৈয়াৰ কৰা সু-স্বাদু দৈ, ক্ৰিম, পনিৰ, মিঠাই, বাটাৰ, ঘিউ, পেড়াৰ লগতে বিভিন্ন সামগ্ৰী বিশুদ্ধতাৰে প্ৰস্তুত কৰা হয়।

সেই সু-স্বাদু খাদ্য-সামগ্ৰীসমুহ বৰ্তমান চতিয়া সমষ্টিৰ লগতে বিভিন্ন প্ৰান্তত কন্যকা বিপনিসমুহ মুকলি কৰাৰ সিন্ধান্ত লয়। সেই উদ্দেশ্যে আজি জামুগুৰিহাটৰ মৰিসুতি ব্যৱসায় কেন্দ্ৰত কন্যকা বিপনীৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে কন্যকাৰ সাধাৰণ সম্পাদক মতি কুমাৰ নেৱাৰে।

উক্ত বিপনিখনি শুভ উন্মোচন কৰি মতি কুমাৰ নেৱাৰে কয় যে কন্যকাৰ এই বিশেষ বিপনিখনৰ জৰিয়তে এই অঞ্চলৰ লোকসকলে বিশুদ্ধ দৈ, ক্ৰিম, মিঠাই, ঘিউ, বাটাৰৰ লগতে বিভিন্ন মিঠাইসমুহ ক্ৰয় কৰিব পাৰিব। ইয়াৰ উপৰিও অনাগত দিনত টুপিয়া, ৰঙাচকুৱা, বালিজুৰি, ধলাইবিলতো কন্যকা বিপনিৰ মুকলি কৰাৰো সিন্ধান্ত গ্ৰহন কৰা হৈছে বুলিও মন্তব্য কৰে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।