06/13/2021 - 12:31
in
বটদ্ৰৱাঃ নগাঁও জিলাৰ জুৰীয়া আৰক্ষীৰ সফল অভিযান। জুৰীয়াৰ জুকাটিৰ পৰা জব্দ কৰে প্ৰায় ৫০ লিটাৰ চুলাই মদ। চৌকত আলী নামৰ লোকজনৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে এই চুলাই মদখিনি।
জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত আজি নিশাৰ ভাগত জুকাটীত চলিছিল চুলাই মদৰ বিৰুদ্ধে অভিযান।
আৰক্ষীৰ উমান পাই পলায়ন কৰে চৌকত আলীয়ে। দীৰ্ঘদিন ধৰি চৌকত আলীয়ে জুৰীয়াৰ বিভিন্ন প্ৰান্তত চুলাই মদৰ অবৈধ বেহা চলাই আহিছিল।