06/13/2021 - 20:42
in
বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবী গাঁৱত মাটি-বাৰীৰ সীমা বিবাদক কেন্দ্ৰ কৰি সংঘটিত হোৱা হত্যাকাণ্ড ঘটনাৰ লগত নাম সাঙোৰ খোৱা আমছু নেতা জহিৰুল ইছলামক তৎকালীনভাৱে জাতীয় সংগঠন আমছুৰ পৰা অব্যাহতি দিয়ে আমছুৰ কেন্দ্ৰীয় সমিতিয়ে। আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মোশ্বাৰফ হুছেইন কবিৰৰ নেতৃত্বত অহা এটি সজাতি দলে আজি ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটিৰ খবৰ লোৱাৰ লগতে উক্ত ঘটনাৰ গভীৰ দুখ প্ৰকাশ কৰে। আৰু সংবাদ মাধ্যমৰ জৰিয়তে হাইডুবী গাঁৱত সংঘটিত হোৱা হত্যাকাণ্ড ঘটনাৰ লগত নাম সাঙোৰ খোৱা আমছু নেতা জহিৰুল ইছলামক তৎকালীনভাৱে আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অব্যাহতি দিয়া হৈছে বুলি জানিবলৈ দিয়ে।