বৰপেটাৰ হাউলি খন্দকাৰপাৰাত শোকাৱহ ঘটনাঃ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে প্ৰাণ গ'ল ৪ বছৰীয়া শিশুৰ

 06/14/2021 - 12:02

 

বৰপেটাঃ বৰপেটা জিলাৰ হাউলিৰ সমীপৰ খন্দকাৰপাৰাত দেওবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা। সমনীয়াৰ সৈতে ঘৰৰ সন্মুখত খেলি থাকোতে বিদ্যুৎ পৰিবাহী তাৰত লাগি কৰুণ মৃত্যুক সাবটি লয় ৪ বছৰীয়া এটি শিশু। শিশুজন হাউলি খন্দকাৰপাৰাৰ আবুল কাশেমৰ পুত্ৰ শ্বামীম আহমেদ।

উল্লেখ্য যে, দেওবাৰে সমনীয়াৰ সৈতে খেলি থাকোতে মাটিৰ পৰা মাত্ৰ দুই ফুট উচ্চতাৰে পাৰ হৈ যোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ধৰে শ্বামীম আহমেদ নামৰ ৪ বছৰীয়া শিশুটি। লগে লগে খন্দকাৰপাৰাস্থিত উপ-বিদ্যুত কেন্দ্ৰত খবৰ দিয়াত বিভাগটোৱে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে যদিও শিশুটো মূৰ্ছা যায়।

পৰিয়ালৰলোকে শিশুটোক তাৎক্ষণিকভাৱে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিদ্যুত বিভাগৰ চৰম অবহেলা আৰু গাফিলতিৰ বাবে উক্ত শোকাৱহ ঘটনাটো সংঘটিত হৈছে। বিদ্যুৎ বিভাগৰ চৰম হেমাহিৰ বাবে বিদ্যুৎ পৰিবাহী তাঁৰ মাটিৰ পৰা মাত্ৰ দুই ফুট ওপৰত ওলমি থকাৰ পিছতো কানসাৰ নাই বিভাগটোৰ।

বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। যাৰ পৰিণতিত প্ৰাণ গ'ল এটি চাৰি বছৰীয়া দেৱশিশুৰ। শিশুটিৰ মৃত্যুক কেন্দ্ৰ কৰি বৰ্তমানো অঞ্চলজুৰি অব্যাহত আছে তীব্ৰ চাঞ্চল্যৰ। ঘটনা সন্দৰ্ভত উপযুক্ত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ লগতে ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।