অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট প'ষ্টৰ এটা খণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠা "মুছলিম জাতীয় পৰিষদক" উভতি ধৰিলে হিন্দু যুৱ পৰিষদ,অসমে

 06/15/2021 - 19:12

 

গোলাঘাটঃ অসমৰ জনপ্ৰিয় ধাৰাবাহিক "বেহাৰবাৰী আউট প'ষ্ট"ৰ এটা খণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠা "মুছলিম জাতীয় পৰিষদক"উভতি ধৰিলে হিন্দু যুৱ পৰিষদ,অসমে। আজি গোলাঘাটত হিন্দু যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়াই এক সংবাদমেল যোগে "মুছলিম জাতীয় পৰিষদ" নামৰ সংগঠনটোক অখ্যাত বুলি অভিহিত কৰি তীব্ৰ সমালোচনা কৰে।

অসমত চলি থকা সমাজ বিৰোধী কাৰ্য্যকলাপৰ ওপৰত "বেহাৰবাৰী আউট প'ষ্টে"সামগ্ৰীকভাৱে নাটকৰ জৰিয়তে যি সমাজ সচেতনতাৰ প্ৰয়াস কৰিছে সেই পদক্ষেপক আদৰণি জনাই হিন্দু যুৱ পৰিষদ অসমে অসমত পূৰ্বতে ঘটি যোৱা চাৰ্জিল ইমামে অসমক ইছলামিক ৰাজ্য বনোৱাৰ হুংকাৰ প্ৰদান কৰা, বদৰুদ্দিন আজমলৰ সভাত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া, অৰ্ণমাই বৰাক ধৰ্ষণ কৰা, ৰিতুপৰ্ণ পেগুক ডিঙি কাটি হত্যা আদি বিভিন্ন ঘটনাৰ উপৰত "মুছলিম জাতীয় পৰিষদ" নিমাত কিয় আছিল বুলি প্ৰশ্ন উত্থাপন কৰে।

অন্যহাতে এখন নাটকত অসমীয়াক সজাগ আৰু ঐক্য হোৱাৰ আহ্বানক এই অখ্যাত সংগঠন সমুহে নিজেই মুৰ পাতি লোৱাটো এক লজ্জাজনক ঘটনা বুলি উল্লেখ কৰি কেৱল মাত্ৰ "সিহঁত "বুলি কোৱা শব্দটোৰ বাবেই কিয় নিজেই গাত পাতি লৈছে সেইয়া এক চিন্তনীয় বিষয় বুলিও সংবাদমেলত জানিবলৈ দিয়ে। আতি শীঘ্ৰে এই অখ্যাত সংগঠনসমূহক অসম চৰকাৰে তদন্ত কৰি নাকী লগোৱাৰ দাবী উথাপন কৰিছে হিন্দু যুৱ পৰিষদ অসমে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।