নিৰ্বাচন কেতিয়া? আজি বিয়লি কৰিব ঘোষণা

 03/10/2019 - 13:21

নতুন দিল্লীঃ আজি ঘোষিত হ'ব দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন। বিয়লি ৫বজাত নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব লোকসভাসহ ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন। লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া এই ৪ ৰাজ্যৰ দুখন হৈছে উত্তৰ-পূ্ৰ্বাঞ্চলৰ। ৰাজ্য দুখন হৈছে ছিকিম আৰু অৰুণাচল প্ৰদেশ। আন দুখন ৰাজ্য হৈছে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা। ৫৪৫খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ স্বাভাৱিক সময় হৈছে মে’। তালৈ চাই ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহতে নিৰ্বাচন আয়োগে দিন ঘোষণা কৰিব বুলি ধাৰণা কৰিছিল যদিও সেয়া হৈ নুঠিল। ইয়াৰ পিছতে বিৰোধী কংগ্ৰেছে নিৰ্বাচনৰ দিন ধাৰ্য কৰাত পলম হৈছে বুলি অভিযোগ উত্থাপন কৰে। কেবাটাও বিৰোধী দলৰ অভিযোগৰ অন্তত অৱশেষত আজি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ কথা ৰাজহুৱা কৰে আয়োগে। বিৰোধী পক্ষৰ অভিযোগ খণ্ডন কৰি আয়োগৰ এক সূত্ৰই আয়োগে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সূচী অনুযায়ী নহয়, নিজৰ সূচী অনুযায়ীহে কাম কৰে বুলি উল্লেখ কৰি আজি দিন ঘোষণা কৰাৰ কথা সদৰী কৰে। সূত্ৰটোৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনোৱা মতে, আজি বিয়লি ৫বজাত নতুন দিল্লীস্থিত বিজ্ঞান ভৱনত এক সংবাদমেলযোগে নিৰ্বাচনৰ দিন ঘোষণা কৰিব। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে বলৱৎ হৈ পৰিব নিৰ্বাচনী অধিসূচনা। উল্লেখ্য যে, ২০১৪ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল ৫ মাৰ্চত। উক্ত নিৰ্বাচনৰ জৰিয়তে গঠিত বৰ্তমানৰ লোকসভাৰ কাৰ্যকাল অন্ত পৰিব অহা ৩ জুনত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।