মৰিয়নিত নিশা চিলনি চোৰক আটক

 06/20/2021 - 15:54

                                                                                    


মৰিয়নীঃ মৰিয়নীত বিভিন্ন সময়ত চিলনী চোৰৰ দলে পথচাৰীৰ মোবাইল ডিঙিৰ চেইন থপিয়াই স্কুটিত পলায়ন কৰিবলৈ সক্ষম হয় আহিছিল। কিন্তু শনিবাৰে নিশা চিলনী চোৰৰ শনি বেয়া আছিল, চিনামৰা তিনিআলিৰ সনাতন বৰা আৰু কৰঙাৰ ডেনিছ বৰুৱা নামৰ দুটা চোৰে মৰিয়নী জংচনৰ সন্মুখৰ পৰা এগৰাকী লোকৰ মবাইল ফোনটো কথা পাতি থকাৰ সময়ত থপিয়াই পলায়ন কৰে৷

মবাইলটোৰ গৰাকীয়ে AS03G9597 নম্বৰৰ i10 গাড়ীয়ে পাছে পাছে খেদি আহি মৰিয়নীৰ আও বাপটিচ চাৰ্জৰ সন্মুখত চোৰ দুটাক ৰখাবলৈ সক্ষম হয় আৰু এজনক ৰাইজে ধৰিবলৈ সক্ষম হয় যদিও চুৰি কৰি অনা মবাইলসহ চিনলী চোৰৰ ডেনিছ বৰুৱা পলায়ন কৰিবলৈ সক্ষম হয়৷

পৰৱৰ্তী সময়ত স্থানীয়লোক আৰু আৰক্ষীয়ে চিলনী চোৰ সনাতন বৰাক আৰু চোৰৰ দলটোৱে ব্যৱহাৰ কৰা স্কুটি জব্দ কৰি থানালৈ আনে৷ চোৰ ধৰিবলৈ গৈ মবাইলৰ গৰাকীৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হ’বলগা হয়৷ মৰিয়নী আৰক্ষীয়ে পলায়ন কৰা চোৰটোৰ সন্ধানত অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু লগতে ব্যৱহাৰ কৰা AS03V4893 স্কুটি জব্দ কৰে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।