দিন ঘোষণাৰ পিছতে নিৰ্বাচনলৈ সাজু শাসক-বিৰোধী

 03/11/2019 - 11:48

নতুন দিল্লী: নিৰ্বাচনী আয়োগে দেওবাৰে ১৭ সংখ্যক লোকসভা নিৰ্বাচনৰ কাৰ্যসূচী ঘোষণা কৰিছে। অহা ১১ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব লগা এই নিৰ্বাচনী যুদ্ধ এমাহ পৰ্যন্ত চলিব । এই নিৰ্বাচনী যুদ্ধত বিজেপিয়ে পুনৰ ক্ষমতালৈ আহিবলৈ যিদৰে যুঁজ দিব সেইদৰে বিৰোধী দলসমূহেও বিজেপিক পদচ্যুত কৰিবলৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিব।

নিৰ্বাচনী আয়োগে চাৰিখন ৰাজ্য অন্ধ্ৰ প্ৰদেশ,অৰুণাচল প্ৰদেশ,উৰিষ্যা আৰু ছিকিমত নিৰ্বাচনী কাৰ্যসূচী ঘোষণা কৰিছে। ১১ এপ্ৰিলৰ পৰা ১৯ মে'লৈ সাতটা প্ৰক্ৰিয়াত অনুষ্ঠিত হ'বলগা এই নিৰ্বাচনৰ ভোটগণনা ২৩ মে'ত অনুষ্ঠিত কৰা হ'ব।

উল্লেখ্য যে, ২০১৪ত অনুষ্ঠিত হোৱা ১৬ সংখ্যক লোকসভা নিৰ্বাচন ৯টা প্ৰক্ৰিয়াত অনুষ্ঠিত হৈছিল। ২০১৯ ৰ নিৰ্বাচনত বহুকেইটা নতুন নিৰ্দেশাৱলী জাৰি কৰা হৈছে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।