টীয়কত সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযানঃ অবৈধ বিদেশী সুৰা জব্দ

 07/01/2021 - 12:36

 

 

টীয়কঃ টীয়কৰ গ্রাম্যাঞ্চল সমূহত গঢ়ি উঠিছে অবৈধ মদৰ বৃহৎ বজাৰ। আজি টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় ৰয়ৰ নেতৃত্বত যোৱা এটি দলে লাহদৈগড় আৰক্ষী চকীৰ অধিনৰ তিনিটা পৃথক পৃথক স্থানত অভিয়ান চলাই প্ৰায় পঞ্চাশ হাজাৰ টকা মূল্যৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে দগাচুক, বৰখেলীয়া আলিমূৰ, আৰু ৰাজৈ সুন্দৰ পুৰৰ ক্ৰমে দিম্বেশ্বৰ শইকীয়া, গোপাল দাস আৰু সুনীল কুমাৰৰ ঘৰত অভিয়ান চলাই ইমান বৃহৎ পৰিমানৰ অবৈধ সুৰা নিজৰ ঘৰত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ হয়৷

আৰু চাৰিজনক আটক কৰা হয় তাৰে তিনিজন গ্ৰাহকক পাছত এৰি দিয়া হয় কিন্তু এজন দোকানী গোপাল দাসক আবকাৰি বিভাগক গতাই দিয়া হয়। উল্লেখযোগ্য যে টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহত অবৈধ মদ নিৰ্মূল কৰিবৰ বাবে এটি ব্যাগোম আবকাৰী বিভাগ আছে যদিও সুৰা নিৰ্মূলৰ ক্ষেত্ৰত কেৱল টীয়ক আৰু লাহদৈগড় আৰক্ষীয়েহে সফলভাবে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।