বিগত দুসপ্তাহ ধৰি নিৰুদ্দেশ চেঙাৰ বামপাৰা গণকপাৰাৰ এগৰাকী বোৱাৰী

 07/02/2021 - 17:06

 

 


পূৱ বৰপেটাঃ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেঙাৰ বামপাৰা গণকপাৰাৰ এগৰাকী বোৱাৰী দুসপ্তাহ ধৰি নিৰুদ্দেশ হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। যোৱা ১৯ জুনত ঘৰৰ পৰা বহৰি বজাৰলৈ গৈছিল মামনি বালা মণ্ডল ওৰফে মাম্পী মণ্ডল। ১৯ বছৰীয়া মামনি বালা মণ্ডল তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে বুলি জানিবলৈ দিয়ে স্বামী পুলকেশ মণ্ডলে।

ইতিমধ্যে বোৱাৰীগৰাকী নিৰুদ্দেশ হোৱা সন্দৰ্ভত তাৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীৰ স্বামীয়ে। বগা বৰণৰ ৫ ফুট ওখ মহিলাগৰাকীয়ে নিৰুদ্দেশ হোৱাৰ সময়ত ক'লা- হালধীয়া ৰঙৰ শাৰী পৰিধান কৰি আছিল বুলি জানিব পৰা গৈছে। যদি কোনো লোকে নিৰুদ্দিষ্ট মহিলা গৰাকীৰ সম্ভেদ পায় তেতিয়া ওচৰৰ থানা নাইবা মহিলাগৰাকীৰ স্বামী পুলকেশ মণ্ডলৰ ৭০০২৮১২৬৬৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পুলকেশ মণ্ডলে।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।