বাক্সাৰ শালবাৰীত প্ৰাক্তন NDFB ৰ সংবাদমেলঃ BTR চৰকাৰৰ বিৰুদ্ধে ক্ষোভ একাংশ NDFB কেডাৰৰ

 07/13/2021 - 11:45

 


শালবাৰীঃ বাক্সাৰ জিলাৰ শালবাৰীত প্ৰাক্তন NDFB ৰ কেডাৰসকলে আজি এক সংবাদ মেল সম্বোধন কৰি অসম চৰকাৰ আৰু বিটিআৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি পুনৰ জংঘললৈ উভতি যোৱাৰ হুংকাৰ প্ৰদান কৰে। প্ৰাক্তন NDFB কেডাৰ সকলে শান্তি চুক্তিৰ নামত কেডাৰসকলক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰাত অসম চৰকাৰ আৰু বিটিআৰ কৰ্তৃপক্ষই গাফিলতি কৰি আহিছে বুলি উল্লেখ কৰে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বড়ো সমাজক পুতলাৰ দৰে নচোৱাই আছে। শান্তিৰ চুক্তি পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ডাঙৰ ডাঙৰ কথা কৈছিল কিন্তু এতিয়া NDFB সকলৰ দুখ কষ্ট বুজি নোপোৱা হৈছে বুলি সংবাদমেলত উল্লেখ কৰে। লগতে একাংশ বড়ো যুৱকে পুণৰ NLFB নামৰ উগ্ৰপন্থী সংগঠনৰ জন্ম দিয়াটো দুৰ্ভাগ্যজনক আখ্যা দি ৰঞ্জন দৈমাৰীকে ধৰি জেলত বন্দিত্বৰ জীৱন অতিবাহিত কৰা প্ৰাক্তন NDFB কেডাৰসকলক জেলৰ পৰা মুকলি কৰি দিয়াৰ আহ্বান জনায়।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।