প্ৰধানমন্ত্ৰী হ'বলৈ মন নাই গাডকাৰীৰ

 03/11/2019 - 14:15

ডিজিটেল ডেস্কঃ ‘মইতো ৰাজনীতি আৰু কামৰ কোনো হিচাপেই নকৰিলো। কেতিয়াও কোনো লক্ষ্য ঠিৰাং নকৰিলো। পথে যিফালে লৈ গ’ল সেইফালেই গৈ থাকিলো। মই কেৱল দেশৰ বাবে এক সৰ্বশ্ৰেষ্ঠ কাম কৰাৰ ওপৰতে বিশ্বাস কৰো। মোৰ মনত এনে কোনো ইচ্ছা নাই যে মই প্ৰধানমন্ত্ৰী হ'ম। নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আমি যোৱাবাৰৰ লোকসভা নিৰ্বাচনত যিমান আসন পাইছিলো, তেওঁৰ নেতৃত্বত এইবাৰ তাতকৈ বেছি আসন পাম। মোৰ কাৰণে ৰাজনীতি নহয়, দেশ হে সকলোতকৈ ওপৰত। মই সপোন নেদেখো। গতিকে মই প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ দৌৰত নাই। মই কেৱল ভাল আৰু উন্নয়নমূলক কাম কৰাতহে বেছি গুৰুত্ব দিওঁ।''

বিজেপিৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ চৰ্চাক মাথো এক গুজৱ বুলি মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী নীতিন গাডকাৰীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত এনেদৰে কয়।
নৰেন্দ্ৰ মোডীৰ পিছত আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে নীতিন গাডকাৰীক লৈ চলা এই আলোচনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁৰ প্ৰধানমন্ত্ৰী হোৱাৰ কোনো ইচ্ছা-আকাংক্ষা নাই। লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘইও তেওঁক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ নকৰে বুলি নীতিন গাডকাৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।