কাকপথাৰত ক’ভিড আতংকৰ মাজতে ব্যতিক্ৰমী পৰিৱেশত চহা কৃষকৰ ন-ভূঁইৰ পৰম্পৰা

 07/18/2021 - 16:11

 

 

কাকপথাৰঃ আৰম্ভ হ’ল শাওণৰ মাহ৷ গাঁৱৰ চহা কৃষকৰ একমাত্ৰ ভৰষা পথাৰৰ ধান মুঠি৷ ৰাজ্যৰ খিলঞ্জীয়া চহা খেতিয়কে পথাৰত খোজ দিছে কঠীয়া ৰুই বছৰ জুৰি নিজৰ ভঁড়াল ভৰাবলৈ লগতে ৰাইজক এসাঁজ খোৱাবলৈ৷ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ কাকপথাৰত এক ব্যতিক্ৰমী পৰিৱেশৰ মাজত চেঙেলীজান গাঁৱৰ ৰাজহুৱা পথাৰত পালন কৰিলে ভূঁই ৰোৱা পৰ্ব৷ সম্পূৰ্ণ ৰীতি-নীতিৰে অসমীয়া মাহেকীয়া কাব্যালোচনী ন-দিহিং’ৰ উদ্যোগত কৃষক, সমাজসেৱক, প্ৰাক্তন শিক্ষক প্ৰয়াত কুলধৰ চুতীয়া দেৱৰ সোঁৱৰণিত শাওণৰ পথাৰত ন-ভূঁই এসাজ আৰু কবিতা শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰে৷

পথাৰৰ কেঁচা মাটিৰ পৰশত অঞ্চলটোৰ লগতে জিলাখনৰ কেইবাগৰাকীও কবিয়ে অংশগ্ৰহণ কৰি ন-ভূঁই ৰোৱা পৰম্পৰাৰ উৎসাহ উদ্দিপনাৰ মাজেৰে খেতিৰ সৈতে জড়িত কবিতা পাঠ কৰি পৰিবেশ জীপাল কৰি তোলে৷ ক’ভিড মহামাৰীৰ আতংকক পৰিহাৰ কৰি বৃহত্তৰ অসমীয়া জাতিৰ স্বকীয় চহকী জাতীয় সংস্কৃতি পৰম্পৰা জীয়াই ৰখাৰ লগতে ৰোৱনী, হালোৱা আৰু ন-দিহিং কাব্যালোচনীৰ কবিসকল একত্ৰিত হৈ পথাৰৰ মাজত এজাৰৰ তলিত যি এক প্ৰয়াস কৰিছে সেইয়া সঁচাই অনন্য৷ সকলোৱে মিলিজুলি কেঁচা মাটিৰ পৰশ থকা বিহুগীতৰ কলিৰে বিহু নৃত্য, ৰং ৰহইচৰে এক মনোৰম পৰিবেশৰ আনন্দ লয়৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।