চুলাই মদৰ ব্যৱসায় ত্যাগ কৰা সকলক আত্ম সংস্থাপনৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব যোৰহাট জিলা প্ৰশাসনে

 07/20/2021 - 11:57

 

যোৰহাটঃ যোৰহাটৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু আৰক্ষী অধীক্ষক অংকুৰ জৈনে সংবাদ মাধ্যমৰ যোৰহাটৰ ক’ভিড পৰিস্থিতিৰ সম্পৰ্কে অৱগত কৰিবলৈ গৈ কয় যে যোৰহাটত নিম্নগামী হৈছে ক’ভিডৰ সংক্ৰমণ| আজি ১১১ জনৰ ক’ভিড পজিটিভ পোৱা গৈছে।

আজিয়েই সকলোতকৈ কম| ৰাইজৰ সুবিধাৰ্থে ৩ বজালৈ যদিও গেলা মালৰ দোকান সমূহ খুলি দিবলৈ দিয়া হৈছে কিন্ত যদি কোনো দোকানে ক’ভিড নিয়ম ভংগ কৰে সেই দোকান বন্ধ কৰি দিয়াৰ উপৰিও আইনগত ব্যৱস্থা গ্ৰহণ কৰিব| বৰ্তমান জিলাখনত বহু চুলাই মদৰ ঘাটি উচ্ছেদ কৰা হৈছে আৰু উচ্ছেদ অভিযান অব্যাহত থাকিব| যোৰহাট জিলা প্ৰশাসনে চুলাই ঘাটি ত্যাগ কৰা সকলক কৃষিৰ লগতে আনুসংগিক ক্ষেত্ৰত আত্মসংস্থাপন দিয়াৰো ব্যৱস্থা কৰিব|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।