আৰ্থিক সংকটত বজালীৰ ওজাপালি আৰু বেণ্ড পাৰ্টীৰ শিল্পীঃ সহায়ৰ বাবে আহ্বান

 07/20/2021 - 12:08

 

 

বজালীঃ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ওজাপালি শিল্পীৰ লগতে বেণ্ড পাৰ্টীৰ শিল্পীসকল। বিয়া সবাহত সুৰৰ মূৰ্ছনাৰে সমগ্ৰ পৰিৱেশটোকেই সজীৱ কৰি তোলা বেণ্ড পাৰ্টীৰ শিল্পীসকলৰ সন্মুখত মিনি লকডাউনৰ পৰিপ্ৰেক্ষিতত আহি পৰিছে প্ৰত্যাহ্বান। একেদৰে পূজা-পাতল আদি অনুষ্ঠান বন্ধ হৈ থকা বাবে ওজাপালি শিল্পী সকলৰো পানীত হাঁহ নচৰা অৱস্থা। কাৰণ এইবোৰ কৃষ্টি পৰিৱেশনৰ বাবে যি পৰিৱেশৰ প্ৰয়োজন, সেয়া বন্ধ। ঠিক একেদৰে বজালীৰ পশ্চিম কঠালমুৰীৰ সুশীল কৈৱৰ্ত নেতৃত্বাধীন বন্তী বেণ্ড পাৰ্টী শিল্পী সকলৰো অৱস্থা তথৈবচ।

বিবাহ অনুষ্ঠান সকলো বন্ধ, দিন হাজিৰা কৰিবলৈও নামাতে কোনোৱে। যাৰ বাবে পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে শিল্পীসকল। ইপিনে বজালীৰ টেপট্তাৰীৰ লোহিত ৰয়ৰ ওজাপালিৰ দলো এই মিনি লকডাউনৰ সময়ত আৰ্থিকভাৱে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। পূজা পাতল অনুষ্ঠানত ওজা পৰিৱেশন কৰি কোনোমতে পৰিয়াল পোহপাল দিছিল তেওঁলোকে। এনে জটিল পৰিস্থিতিৰ সময়ত এতিয়া কেনেদৰে পৰিয়াল পোহপাল দিব তাক লৈ চিন্তিত এইসকল শিল্পীসকল। কেতিয়া তেওঁলোকে আগৰ দৰে অনুষ্ঠান পৰিৱেশন কৰিব তাৰ আশাতেই যেন বন্দী হৈ আছে শিল্পীসকল। বছৰ বছৰ ধৰি এই কৃষ্টি সংস্কৃতি ধৰি ৰখা এইলোক শিল্পীসকলে এতিয়া অকণমান সহায় বিচাৰিছে চৰকাৰৰ।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।