পেট্ৰল-ডিজেল আৰু নিত্য ব্যৱহাৰ্য্য সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ

 07/20/2021 - 12:43


ডিগবৈঃ পেট্ৰল-ডিজেল আৰু নিত্য ব্যৱহাৰ্য্য সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি দল-সংগঠন বিলাকে প্ৰতিবাদ সাব্যস্ত কৰে| ডিগবৈত দুপৰীয়া ১ নং বৰবিল অঞ্চলৰ মাকুম মটৰছ পেট্ৰল ডিপুৰ সমীপৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পদপথত অৰ্ধশতাধিক পুৰুষ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ CITU নেতৃত্বত কেইবাটাও সংগঠনে ডুমডুমা ৰে’লৱে ষ্টেচনৰ সন্মুখত প্ৰতিবাদ কৰি ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক ধিক্কাৰ দিয়ে। চৰকাৰে এইদৰে নিত্য ব্যৱহাৰ্য্য সা-সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি থাকিলে আগন্তুক দিনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।