কৰ্কত ৰোগত আক্ৰান্ত চিত্ৰশিল্পী তথা শিক্ষক ৰত্ন বঁটা বিজয়ী দীপাংকৰ শৰ্মাৰ, সহায়ৰ বাবে আহ্বান

 07/20/2021 - 12:54

 


পূৱ বৰপেটাঃ "মাটি এবিঘা আছে। বিক্ৰী কৰিবলৈ বিচাৰিছোঁ। বিপদত পৰা বাবে গ্ৰাহকে দাম নিদিয়ে।"এনেকৈ সামাজিক মাধ্যমত চিকিৎসাৰ কাৰণে আৰ্তনাদ কৰিছে চন্দ্ৰ মোহন পাটোৱাৰীৰ গৃহ সমষ্টিৰ কৰ্কত ৰোগীয়ে। এওঁ ধৰ্মপুৰ সমষ্টিৰ ২৩নং গাঁও পঞ্চায়তৰ শুকেকুছি গাঁৱৰ চিত্ৰ শিল্পী তথা ৰাষ্ট্ৰীয় সন্মান প্ৰাপ্ত শিক্ষক ৩৪ বছৰীয়া দীপাংকৰ শৰ্মা।

কৃষক নৱকুমাৰ শৰ্মা আৰু ভাৰতী দেৱীৰ একমাত্ৰ সন্তান দীপাংকৰৰ বিচনাই একমাত্ৰ সাৰথি। এবছৰ পূৰ্বে দীপাংকৰৰ দেহত ধৰা পৰিছিল কৰ্কট ৰোগে। ৰাইজৰ সহায় আৰু নিজৰ সাঁচতীয়া ধনেৰে চিকিৎসা কৰি আহিছে যদিও আৰু বহু লক্ষ টকাৰ প্ৰয়োজন তেওঁৰ জীৱন উদ্ধাৰৰ বাবে।

স্থানীয় জনপ্ৰতিনিধি তথা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক এই বিষয়ে বিভিন্ন সময়ত অবগত কৰি অহাৰ পাছতো খবৰ লবলৈ সময় নাই মন্ত্ৰী গৰাকীৰ। কোনো সদাশয় ব্যক্তিয়ে যাতে আৰ্থিক সহায় কৰি তেওঁৰ জীৱন ঘূৰাই দিয়াত সহায় কৰে তাৰ বাবে বিনম্ৰ অনুৰোধ। A.C NO- 32134941041, IFSC- SBIN0011611

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।