আজিৰে পৰা ৰাজ্যত জাৰি নতুন এছ অ’ পি

 07/20/2021 - 14:39

 

নিউজ ডেস্কঃ আজিৰে পৰা ৰাজ্যত জাৰি নতুন এছ অ’ পি। মৰিগাঁও আৰু গোৱালপাৰা দুপৰীয়া ১২ বজালৈকে খোলা থাকিব। ১ বজাৰ পৰা এই দুখন জিলা কাৰ্ফিউ। লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাট, যোৰহাটত সম্পূৰ্ণ লকডাউন৷

বিশেষ কোনো সালসলনি হোৱা নাই বাকী ২৭খন জিলাত। ৰাজ্যৰ বাকী জিলাবোৰত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫বজালৈ সান্ধ্য আইন। বিয়লি ৪বজালৈকে খোলা থাকিব৷ বিয়া, ধৰ্মীয় অনুষ্ঠানত ১০জনৰো অধিক লোক সমৱেত হব নোৱাৰিব। এইক্ষেত্ৰত কঠোৰ হব চৰকাৰ।আন্তজিলা যাতায়ত পুনৰ এসপ্তাহৰ বাবে বন্ধ থাকিব ৰাজ্যত।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।