চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা চানখোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত মিনাৰপাম গাঁৱৰ এটা পথঃ ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত ৰাইজৰ

 07/20/2021 - 17:59

 

কামপুৰঃ নগাঁও জিলাৰ কামপুৰৰ ৰহা সমষ্টিৰ কঠিয়াতলি উন্নয়ন খণ্ডৰ অধীনত চানখোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত মিনাৰপাম গাঁৱৰ একমাত্ৰ যাতায়তৰ পথৰ দুৰৱস্থাৰ বাবেই ৰাইজে আজি পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে বিগত বাৰিষা দিনত যাতায়তৰ উন্নত ব্যৱস্থা নথকাৰ বাবেই গাঁৱৰ কণ কণ ল’ৰা-ছোৱালী গাঁওখনৰ একমাত্ৰ বিদ্যালয়লৈ নিয়মিত যাব নোৱাৰাত শিক্ষাৰ ক্ষেত্রত এক বিৰাট প্ৰত্যাহ্বানৰ দেখা দিছে। এইকথা স্বীকাৰ কৰিছে বিদ্যালয়ৰেই শিক্ষক এজনে। লগতে বাৰিষাকালত পথৰ এনে জৰাজীর্ণ অৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি ৫০% ত কৈয়ো কম হোৱাৰ অভিযোগ উত্থাপন কৰিছে।

অনুন্নত যাতায়তৰ বাবে গাঁওবাসী সকলো প্ৰকাৰৰ জৰুৰীকালীন স্বাস্থ্য সেৱা যেনে 108/102 আদিৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ কৰিছে। জৰুৰীকালীন বেমাৰী সকলক ৰাইজে ঠেলা অথবা চাইকেলৰ সহায়ত চিকিৎসালয়লৈ লৈ যাবলগীয়া হোৱাত ক্ষোভ উজাৰিছে। কৃষি প্ৰধান গাঁওখনৰ জৰাজীর্ণ পথটোৰ বাবে মূৰৰ ঘাম মাটিত পেলাই সাধাৰণ কৃষকে উৎপাদন কৰা ধান আৰু আন কেঁচা শস্য সমূহ সহজে ৰপ্তানি কৰিব নোৱাৰে।

ফলত শস্যৰ উচিত এফ.চি.আই.বজাৰ মূল্য লাভৰ পৰা বঞ্চিত হৈ আহিছে কৃষকসকল। তদুপৰি উল্লেখ কৰে যে বহু বিধায়ক, পঞ্চায়তৰ সভাপতি-সদস্য আহিল আৰু গল কিন্তু বছৰৰ পিছত বছৰ ধৰি অনুন্নত নহল গাঁওখনৰ যাতায়তৰ একমাত্ৰ জৰাজীর্ণ পথটোৰ।

নানা প্রতিশ্রুতি আৰু প্ৰলোভন দি গাঁওবাসীৰ ভোট অৰ্জন কৰি বিধায়ক, পঞ্চায়তৰ সভাপতি-সদস্য হৈ আজিলৈকে পথৰ মেৰামতি কৰিব নোৱাৰাত আৰু পৰিবর্তনকামী চৰকাৰখনৰ কোনো আঁচনিয়ে এই ৰাস্তাটোক ঢুকি নোপোৱাক লৈ ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজ আৰু গাঁৱৰ বিদ্যালয়খনৰ শিক্ষকেও চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক গাঁওখনৰ শিক্ষা, স্বাস্থ্য আৰু যাতায়ৰ সুবিধাৰ বাবে একমাত্ৰ পথটোৰ মেৰামতি অথবা পকীকৰণৰ দাবী জনাইছে। প্ৰশ্ন হ’ল পাৰিবনে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই পথটোৰ নিৰ্মাণ কৰি গাঁওবাসীৰ এনে সমস্যা সমূহৰ উচিত সমাধান হবনে?

 

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।