দক্ষিণ কামৰূপৰ সোণতলীৰ ঈদগাহ ময়দানত নিমাওমাও পৰিৱেশঃ ক’ভিড প্ৰটকল মানি ঘৰে ঘৰে সম্পন্ন কৰা হ'ল ঈদৰ নামাজ

 07/21/2021 - 12:29

 

সোণতলীঃ দক্ষিণ কামৰূপৰ সোণতলীত কভিড প্ৰটকল মানি সম্পন্ন কৰা হ'ল ঈদৰ নামাজ৷ বৃহত্তৰ সোণতলী অঞ্চলৰ ঈদগাহ ময়দান নিমাওমাও পৰিৱেশ৷ ১৯৪২ চনত স্থাপিত হোৱা সোণতলীৰ মাহতলী বজাৰ ঈদগাহ ময়দানতো একেই পৰিৱেশ৷ দক্ষিণ কামৰূপৰ সৰ্ববৃহৎ ঈদগাহ খনত কোনো এজনেও আদায় নকৰিলে ঈদৰ নামাজ৷

সোণতলীৰ মাহতলী ঈদগাহ খনত বছৰে হাজাৰ হাজাৰ লোকৰ সমাগম হয় যদিও অতিমাৰি কভিডৰ হাত সাৰিবলৈ আদায় কৰা নহল ঈদৰ নামাজ৷ কভিডৰ এই বিভিষিকাৰ বাবেই এইবাৰ মাহতলী বজাৰ ঈদগাহ খনত ঈদৰ নামাজ আদায় কৰা দেখা নগ’ল এজন লোক৷ সোণতলীত ক’ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম মানি ঘৰে ঘৰে আদায় কৰিলে ঈদৰ নামাজ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।