খেতিপথাৰত নলবাৰী অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাঃ ভূঁই ৰুই ৰাইজলৈ দিলে বিশেষ বাৰ্তা

 07/21/2021 - 17:44

 

বাহাৰঘাটঃ নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) বিভাগৰ কল্পনা ডেকাই আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁও নিৱাসী তথা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক ৰাতুল চন্দ্ৰ ডেকাৰ বিলপাৰৰ কৃষি ভূমিত আজি সম্পূৰ্ণ ব‍্যক্তিগত মনৰ ইচ্ছা পূৰণৰ বাবে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে উক্ত কৃষি ভূমিত ভূঁই ৰোপণ কৰি কৃষক ৰাইজ আৰু ৰোৱনী -দাওনীক এক প্ৰকাৰ বাৰ্তা দিয়ে।

উল্লেখ‍্য যে নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আজি বিলপাৰৰ প্ৰাক্তন আছু নেতাৰ  খেতিপথাৰত অতিৰিক্ত উপয়ুক্ত তথা সাংস্কৃতিক কৰ্মীগৰাকীয়ে কৃষিকৰ্মৰ প্ৰতি থকা মনৰ হেপাঁহ পূৰ কৰাৰ লগতে ৰাজ্যৰ কৃষি সমাজ আৰু ৰোৱনীসকলক কৃষিকৰ্মৰ প্ৰতি আকৰ্ষণ হ'বলৈ আহ্বান জনায়। ইফালে নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাৰ এনে আদৰ্শীয় পদক্ষেপক নলবাৰী ৰাইজ তথা দল-সংগঠনে শলাগ কৰিছে।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।