লামডিং আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ পেডলাৰ ৰে’লৰ কৰ্মচাৰী

 07/22/2021 - 15:09

 


হোজাইঃ ৰাজ্যত ক্ৰমাত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত‌ ৰাখিছে অসম আৰক্ষী, বিভিন্ন সময়ত বিভিন্ন ঠাইত আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ পেডলাৰ, গো মাফিয়া, কয়লা মাফিয়া, চুপাৰি মাফিয়া প্ৰত্যেক দিনাই সংবাদ জগতত শীৰ্ষ স্থান দখল কৰি আহিছে এই পৰিপ্ৰেক্ষিতত লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন কুমাৰ শৰ্মাৰ নেতৃত্বত ড্ৰাগছ বিৰোধী ‌অভিযান অব্যাহত ৰাখিছে। লামডিং আৰক্ষীয়ে যোৱা নিশা ১০ বজাত কুখ্যাত ড্ৰাগছ পেডলাৰ ৰে’লৰ কৰ্মচাৰী বাবুল দে উৰফে (বগা বাবু) লগতে আৰু দুইজন নাম সঞ্জীৱ দে , নৱৰাজ চক্ৰৱৰ্তীকে ধৰি মোট ৩ জনক আটক কৰে৷

গোপন সুত্ৰ পম খেদি খবৰ পাই আৰক্ষী লামডিঙৰ পৰা ৮ কিলোমিটাৰ দূৰত্বত মান্দাৰ দিচাৰ পৰা আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ পেডলাৰ ৰেল কৰ্মচাৰীক। খবৰ অনুসৰি সম্পূৰ্ণ লামডিংত বহুদিন ধৰি বিক্রি কৰি আহিছে ৰে’ল কর্মচাৰী বাবুল দে ওৰফে বগা বাবু। ৰেলৱে লামডিং ডিভিচনৰ অন্তৰ্গত গেঙত কৰ্ম কৰি আছিল। ৰেলৱে কৰ্ম কৰাৰ‌‌ লগত ড্ৰাগছ আসক্ত আছিল আৰু আন আন লোকক খোৱাই আছিল।৩ জনৰ পৰা মোট ৭টা ড্ৰাগছ ভৰ্তি কাচৰ বতল জব্দ কৰে লগতে  চিৰিঞ্জ ও জব্দ কৰে৷ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।