গোলাঘাটত সান্ধ্য আইন ভংগ কৰা আৰু ক’ভিড-১৯ নিৰ্দেশনা উলংঘা কৰাসকলৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে আৰক্ষী

 07/22/2021 - 16:26

 

 গোলাঘাটঃ অসমৰ বিভিন্ন জিলাৰ লগতে গোলাঘাট জিলাতো অব্যাহত আছে ক'ভিড-১৯ৰ সংক্ৰমণ ভয়াবহত। গোলাঘাট জিলাত দিনকদিনে দ্ৰুত গতিত ক'ভিড-১৯সংক্ৰমণ বৃদ্ধি  পোৱাত কঠোৰ হৈ পৰিছে প্ৰশাসন। ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে গোলাঘাট প্ৰশাসনে ব্যতিক্ৰমী পদক্ষেপ লৈছে। সান্ধ্য আইন ভংগ কৰা, দুচকীয়া বাহনত দুজনকৈ লোক উঠা, ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা অসচেতন লোকৰ পৰা জৰিমনা আদায় কৰিছে। উল্লেখযোগ্য যে ক'ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সমান্তৰালভাবে বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড-১৯ আক্ৰান্ত ৰোগীৰ মৃত্যুৰো সংখ্যা।

কিন্তু এই সমগ্ৰ ভয়াবহতা উপলব্ধি কৰা পিছতো যেন সজাগ নহয় একাংশ অসচেতন লোক। এইয়া গোলাঘাট চহৰৰ বাটা চাৰ্কোলৰ দৃশ্য৷ বৃহস্পতিবাৰে পুৱা আৰক্ষীয়ে ড্ৰাইভিং লাইচেঞ্চ নোহোৱা; হেলমেট নিপিন্ধাকৈ বাহন চলোৱা লোকক বিহিছে জৰিমনা৷ জিলাখনত টেম্পো; মেজিক আদি চলাচল বন্ধ কৰা আছে যদিও আইন নমনা এনে চালকৰ পৰাও আৰক্ষীয়ে জৰিমনা আদায় কৰিছে৷ এই অসচেতন লোক সকলক উচিত শিক্ষা দিয়াৰ উদ্দেশ্যে ক’ভিড-১৯ নিৰ্দেশনা উলংঘা কৰি মাস্কড পৰিধান নকৰা আৰু দুচকীয়া বাহনত দুজনকৈ উঠা অসচেতন লোকৰ ওপৰত জৰিমণা আদায় কৰাৰ লগতে সান্ধ্যা আইন ভংগ কৰা দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ বৈধ নথি পত্ৰ তন্ন তন্ন কৈ নিৰীক্ষণ কৰি দোষী সকলৰ ওপৰত এহেজাৰ টকা পৰ্য্যন্ত জৰিমনা আদায় লয়।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।