ৰঙিয়াত ২৫ লাখ টকা মূল্যৰ অবৈধ চেগুন কাঠ জব্দ বন বিভাগৰ

 07/23/2021 - 12:35

 

ৰঙিয়াঃ আজি উত্তৰ কামৰূপ বন বিভাগৰ নেতৃত্বত এটা বৃহৎ দলে চাংচাৰী ওচৰৰ চিলাৰ পৰা জব্দ কৰে দুখন অবৈধ চেগুন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰা হয়। এক গোপন সূত্ৰৰ পম খেদি উত্তৰ কামৰূপ বন সংমণ্ডলৰ বন বিষয়া দীপক ডেকাৰ নেতৃত্বত চলাই এই অভিযান। গাড়ী দুখনৰ পঞ্জীয়ন নম্বৰ হল RJ32GB9196,RJ40CA0866, আৰু গাড়ী দুখনৰ চালক দুজনক আটক কৰি জেল হাজোতলে প্ৰেৰণ কৰা হব।

আটক কৰা চালক দুজনৰ নাম হল চাৰুষ খান আৰু অৰিফ খান। বন বিষয়া গৰাকীৰ ভাষ্য অনুসৰি গাড়ী দুখনত প্ৰায় 25 লাখ টকা মূল্যৰ অবৈধ কাঠ, কাঠখিনিৰ কোনো ধৰণৰ নথি-পত্ৰ নাই বুলি জনাই। জানিব পৰা মতে কাঠখিনি নাগালেণ্ডৰ পৰা আনি পশ্চিম বংগৰ ছিলিগুৰি লৈকে লৈ গৈ আছিল। উল্লেখযোগ্য কথা যে বন বিষয়া দীপক ডেকাৰ নেতৃত্বত এনেকুৱা অভিযান প্ৰায় চলাই অহা হৈছে আৰু বহু অবৈধ কাঠ আৰু শিল বালি গাড়ী জব্দ কৰা হৈ আছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।