ফৰেষ্ট বিট অফিচৰ নামত বোকাজানত চলিছে মুকলিভাৱে ধন সংগ্ৰহ

 07/26/2021 - 18:16
 
 
বোকাজানঃ যিটো সময়ত অসম চৰকাৰে বন বিভাগৰ লোক সকল ৰাস্তাৰ কিনাৰত প্ৰয়োজন নাই৷ ৰাজপথৰ দাঁতিত থকা বিট অফিচ সমূহ উঠাই দিয়া হব আৰু তেওঁলোক জংঘলত থাকিব লাগিব বুলি ঘোষণা কৰিছে৷ তেনে সময়তে বোকাজান মহকুমাৰ নৰ্থ ইষ্টান শিলনীজান ৰেঞ্জৰ অধীনষ্ঠ Lower newria forest Beat ত মুকলিভাৱে ধন সংগ্ৰহ কৰা কাৰ্যই সাধাৰণ জনতাক অতিষ্ঠ কৰি তুলিছে৷
 
বিশেষকৈ কাৰ্বিআংলং জিলাখনৰ বিয়াগোম বন বিভাগটো এতিয়া নিজেই মাফিয়া ৰাজলৈ পৰিণত হৈ পৰা পৰিলক্ষিত হৈ পৰিছে৷ বিভিন্ন সময়ত বিভাগটোৰ ওপৰত ৰাইজে অভিযোগ কৰি আহিছে যদিও আমাৰ কেমেৰাত বন্দী হোৱা এনে দৃশ্যই তাকেই প্ৰমাণিত কৰিলে৷ এওঁলোকৰ দৰে লোকসকলে পথেৰে পাৰহৈ যোৱা প্ৰতিখন সামগ্ৰী কঢ়িয়াই নিয়া গাড়ীৰ পৰা দৈনিক সংগ্ৰহ কৰে হাজাৰ হাজাৰ টকা৷ জানিব পৰা মতে প্ৰতিদিনে সংগৃহীত মুটা ধনৰ অংকৰ কমিচন বন বিভাগৰ শীৰ্ষ বিষয়া সকলেও পাই আহিছে৷ দৈনিক সংঘটিত এনেবোৰ দুষ্কাৰ্যৰ ওপৰত বিভাগীয় মহল তথা চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে কেতিয়াবা?
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।