বিভিন্ন প্ৰতিভাৰ জৰিয়তে আকাশ স্পৰ্শ কৰাৰ হেপাঁহ তেজপুৰৰ সু-কন্যা কৃষ্টি বৰঠাকুৰৰ

 07/27/2021 - 12:38
 
 
 
 
 
জামুগুৰিহাটঃ নিজৰ বিভিন্ন প্ৰতিভাৰ জৰিয়তে আকাশ স্পৰ্শ কৰাৰ মন মেলিছে শোণিতপুৰ জিলাৰ তেজপুৰস্থিত ডেউৰীগাঁও নিবাসী তথা মহৰ্ষি বিদ্যা মন্দিৰৰ সপ্তম মানৰ ছাত্ৰী কৃষ্টি বৰঠাকুৰে। কৃষ্টি হৈছে সংগীতৰ ক্ষেত্ৰখনত তিনি দশক অতিক্ৰম কৰা তেজপুৰৰ শিল্পী নিৰূপ বৰঠাকুৰ আৰু তেজপুৰৰ এগৰাকী সাস্কৃতিক ক্ষেত্ৰখনত জড়িত চান্তা বৰঠাকুৰৰ একমাত্ৰ জীয়াৰী। পাঁচ বছৰৰ পৰাই পিতৃ-মাতৃৰ অনুপ্ৰেৰণাৰ জৰিয়তে ছবি, সংগীতৰ লগতে নৃত্যৰ প্ৰশিক্ষণ লৈ বিভিন্ন সৃষ্টিশীল প্ৰতিভাৰ জৰিয়তে আকাশ চুবলৈ সপোন দেখিছে কণমানি কৃষ্টিয়ে। কিন্তু তাৰ বাবে লাগিব অদম্য চেষ্টা আৰু ধৈৰ্য্য।
 
বৰ্তমান লকডাউনৰ সময়চোৱাত বিদ্যালয়সমূহ বন্ধ হৈ পৰাত নিজৰ পঢ়া-শুনাৰ উপৰিও কৃষ্টিয়ে আজৰি সময়ত ঘৰতে আৱদ্ধ থাকি পিতৃ-মাতৃৰ অনুপ্ৰেৰণাত ছৱি আঁকি, সংগীত আৰু নৃত্যৰ অনুশীলন অব্যাহত ৰখাৰ এক উৎকৃষ্ট উদাহৰণ দেখুৱাবলৈ সক্ষম হৈছে। যাতে তেওঁক চৰ্চা কৰি সকলো ছাত্ৰ-ছাত্ৰীয়ে যেন অবাবত সময় নষ্ট নকৰি নিজৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবলৈ অনুশীলন কৰে যেন।
 
তেৰ বছৰীয়া কৃষ্টিয়ে নৃত্য-গীতৰ লগতে ছবি অংকণ কৰি বহুকেইটা বঁটা পাবলৈ সক্ষম হৈছে। তাৰে ভিতৰত ২০১৯ বৰ্ষৰ ১৫ আগষ্টৰ দিনা তেজপুৰ চাৰ্চ ফিল্ডত জাতীয় সংগীত পৰিৱেশন কৰি শোণিতপুৰ জিলা উপায়ুক্তৰ হাতৰ পৰা বঁটা লবলৈ সক্ষম হৈছে। তাৰোপৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত নৃত্য-গীতৰ জৰিয়তে উৰিষ্যাত বঁটা পাবলৈ সক্ষম হৈছে। বহু প্ৰতিভাসম্পন্ন কৃষ্টিৰ এনে পাৰদৰ্শিতাৰ বাবে অঞ্চলবাসীয়ে বহু শলাগ লয়। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।