বাক্সাত হাতী-মানুহৰ ভয়ংকৰ সংঘাতঃ ভাঙিলে তিনিটাকৈ বাসগৃহ, কোনোমতে প্ৰাণ ৰক্ষা তিনিটা পৰিয়ালৰ

 07/27/2021 - 14:32
 
 
 
শালবাৰীঃ ৰাজ্যত পুনৰ হাতী-মানুহৰ সংঘাত। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীয়ে বাক্সাৰ লাৱদাংগুৰী পথাৰত ভাঙিলে তিনিটাকৈ বাসগৃহ। কোনোমতেহে প্ৰাণ লৈ পলাই সাৰিবলৈ সক্ষম হৈছে পৰিয়ালকেইটা। ইয়াৰোপৰি এটি পৰিয়ালৰ এটা পশুধন নিধন কৰে বন্যহস্তীয়ে।
 
মৃত পশুধন তথা ছাগলীটোৰ পোৱালিয়ে মৃত অৱস্থাটো মাতৃৰ দুগ্ধপান কৰা দৃশ্যই মৰ্মাহত কৰিছে সকলোকে। খাদ্যৰ সন্ধানত প্ৰায়েই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহে বন্যহস্তী। যাৰ বাবে প্ৰায় প্ৰতি নিশা আতংকৰ মাজেৰে পাৰ কৰিবলগীয়াত পৰে অঞ্চলবাসীয়ে। হাতী-মানুহৰ সংঘাতৰ স্থায়ী সমাদানৰ লগতে ক্ষতিগ্ৰস্থ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ দাবী জনায় বন বিভাগক।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।