এইবাৰ ১.৫ কোটি নতুন ভোটাৰ

 03/11/2019 - 15:38

ডিজিটেল ডেস্ক: ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’ব। দেওবাৰে নিৰ্বাচন আয়োগে জনোৱা মতে, ১৯ মে'ত অন্ত পৰিব লগা এই নিৰ্বাচন অনুষ্ঠিত হ'ব ৭ টা পৰ্যায়ত । 

এইবাৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব প্ৰায় ৯০ কোটি ভোটাৰে। এই ৯০কোটি ভোটাৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটাৰৰ সংখ্যা হৈছে ১.৫ কোটি। 

আয়োগে জনোৱা মতে, ১০ লাখ ভোট কেন্দ্ৰত অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰত্যেকটো ভোটকেন্দ্ৰতে চিচিটিভি কেমেৰা সংস্হাপনৰো ব্যৱস্থা কৰিছে নিৰ্বাচনী আয়োগে।

উল্লেখ্য যে, যোৱাবাৰৰ তুলনাত বৃদ্ধি পাইছে ভোটাৰৰ সংখ্যা। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ভোটদান কৰা ভোটাৰৰ সংখ্যা আছিল প্ৰায় ৮১.৪৫ কোটি। আনহাতে, যোৱাবাৰ ৯ লাখ ভোট কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।