উচ্ছেদ অভিযানৰ ভয়ত গৌৰীপুৰৰ আলমগঞ্জ নৱম খণ্ড গাঁৱৰ লোকৰ মাজত কান্দোনৰ ৰোল, আমাক সংস্থাপন দিয়ক নহলে আমাক গুলিয়াই মাৰক

 08/06/2021 - 18:08
 
 
গৌৰীপুৰঃ ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ আলমগঞ্জ নৱম খণ্ড গাঁৱৰ ৰাইজে উচ্ছেদৰ ভয়ত ভাত-পানী এৰি ওলাই আহিল ৰাজপথত। আমাক পুনৰ সংস্থাপন দিয়ক নহলে গুলিয়াই মাৰক, আমি কলৈ যাম। এইদৰেই উঠিল কান্দোনৰ ৰোল। উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত সৰ্বস্ব হেৰাই দক্ষিণ শালমাৰা, মানকাৰচৰ আৰু জলেশ্বৰ সমষ্টিৰ প্ৰায় ২৫০টা পৰিয়ালে চৰকাৰী পতিত মাটিত আশ্ৰয় গ্ৰহণ কৰি সুদীৰ্ঘ ৫০বছৰৰ পৰা বসবাস কৰি আহিছে গাঁওখনত। ভূমিডোখৰ আছিল আলমগঞ্জ ৰঙামাটি কোঅপাৰিটিভ ছোচাইটি নামৰ এন জি অ টোৰ।
 
১৯৯৮ চনত অসম আৰক্ষীৰ ২০ বেটেলিয়নক হস্তান্তৰ কৰিছিল ছোচাইটিটোৱে। কিন্তু ইমান পৰিয়াল উচ্ছেদ কৰিব লগা হোৱা বাবে আৰক্ষীৰ ২০আৰ আৰ বেটেলিয়নে বেলেগ ঠাইত স্থাপন কৰে বেটেলিয়নৰ মুখ্য কাৰ্যালয়খন। আনহাতে ১৯৯১চনৰ জৰীপৰ ভূমি আইনমতে চিটা কপিৰ অন্তৰ্ভুক্ত এই সকল পৰিয়ালে ভূমি বেদখলৰ বাবে খাজনা দি আহিছে ৰাজ্য চৰকাৰক। ২০০৭/২০০৮ ইং চনত ধুবুৰী জিলা ভূমিৰ উপদেষ্টা কমিটিয়ে উচ্ছেদৰ পূৰ্বে সমূহ পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। আনহাতে গাঁওখনৰ বাসিন্দা সকলে ২০২০ ইং চনত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত ভূমি অধিকাৰ আইনৰ অধীনত ভূমিহীন লোকক মাটি আৱণ্টন দিয়াৰ বাবে এখন আবেদন দাখিল কৰিছিল৷
 
মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয় আদালতত গোচৰ চলি থকা সময়তে জিলা প্ৰশাসনে আলমগঞ্জ নৱম খণ্ডৰ ২৫০বিঘা মাটি বি এছ এফক হস্তান্তৰ কৰি উচ্ছেদৰ প্ৰস্তুতি চলাইছে। কালি জিলা প্ৰশাসনৰ সহযোগত বি এছ‌ এফে ২৫০বিঘা ভূমিৰ চৌদিশে খুটা পতি ১৭আগষ্টৰ ভিতৰত ঘৰবাৰী স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়াত ভাত পানী এৰিছে গাঁওবাসীয়ে। হয় এতিয়া কথা হ’ল ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু এইগৰাকী গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান ( বাবলু ) এইসকল পৰিয়ালৰ লোকৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনাত বহি সেয়ে হ’ব সময়ত লক্ষ্যণীয়?
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।