চাঞ্চল্যঃ জুৰীয়াৰ শিমলুআটি গাঁৱত পুখুৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ

 08/12/2021 - 12:07
 
 
 
বটদ্ৰৱাঃ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত শিমলুআটি গাঁৱত আজি পুৱাৰ ভাগত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত মহিলা গৰাকী শিমলুআটি গাঁৱৰ ইদ্ৰিছ আলীৰ পত্নী জায়েদা খাতুন(৪৫) বুলি চিনাক্ত কৰা হৈছে।
 
পৰিয়ালৰলোকে জানিবলৈ দিয়া মতে, মৃত মহিলা গৰাকী দীৰ্ঘদিন ধৰি মানসিকভাৱে বিকাৰগ্ৰস্ত থকাৰ লগতে যোৱা কালিৰে পৰা সন্ধানহীন হৈ আছিল। আজি পুৱাৰ ভাগত ঘৰৰ ওচৰতে থকা পুখৰীত উপঙি থকা অৱস্থাত মহিলা গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি দগাঁও আৰক্ষীক খবৰ দিয়ে পৰিয়ালৰলোকে। ঘটনাস্থলীত ইতিমধ্যে দগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰভাৱে নগাঁৱলৈ প্রেৰণ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।