নলবাৰীৰ বিজেপি কৰ্মীৰ মহানুভৱতা

 09/03/2021 - 14:47
 
 
নলবাৰীঃ শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলক ঘৰৰ পৰা বাইক, ই-ৰিক্সা আদিত ঘৰৰ পৰা ভেকচিন চেণ্টাৰত বিনামূলীয়াকৈ লৈ আহি মানৱ সেৱাৰ পৰিচয় দাঙি ধৰিছে এইদুজন যুৱকে। সেৱাই সংগঠনৰ মূল এই উদ্দেশ্য আগত ৰাখি ক’ভিড ভেকচিন চেণ্টাৰত নিজৰ গাঁঠিৰ ধনেৰে মাস্ক, চেনিটাইজাৰ বিতৰণ কৰাৰ লগতে ৰাইজক ক’ভিড ভেকচিন চেণ্টাৰত সামাজিক দূৰত্ব বজাই ৰাখি ভেকচিন লোৱাত সহায় কৰিছে।
 
ঘগ্ৰাপাৰ ব্লক পি এইড চিৰ অন্তৰ্গত লাটিমা, কুন্দৰ গাঁও, কুৱৰীকুচি, বিলপাৰ নাৰিকুচি, কোঠোৰা ক’ভিড ভেকচিন চেণ্টাৰত বিনামূলীয়াকৈ সেৱা আগবঢ়ায় আহিছে, প্ৰায় তিনি হাজাৰতকৈয়ো অধিক সংখ্যক লোকক।
 
বিজেপিৰ শক্তি কেন্দ্ৰৰ আহ্বায়ক তথা স্বাস্থ্য স্বয়ংসেৱকৰ চেচ্ছাসেৱক চামচুল আলী আৰু তেওঁৰ সহ আহ্বায়ক পৰমেশ্বৰ বড়োয়ে এই সেৱা আগবঢ়ায় ৰাইজৰ আৰ্শীবাদ বুলিবলৈ সক্ষম হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।