লিডুত বিশ্ব ভাতৃত্ব দিৱস পালন

 09/11/2021 - 16:04
 
 
 
মাৰ্ঘেৰিটাঃ আজি বিশ্ব ভাতৃত্ব দিৱস। সমগ্ৰ বিশ্বতে আজিৰ দিনটোতে পালন কৰা হয় বিশ্ব ভাতৃত্ব দিৱস। উল্লেখ্য যে ১৯৮৩ চনৰ ১১ চেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটোতেই আমেৰিকাৰ চিকাগোত অনুষ্ঠিত হোৱা বিশ্ব সন্মিলনত সৰ্বপ্ৰথমে সকলো উপস্থিত জনগণক ভাই আৰু ভন্টি বুলি সম্বোধন কৰি ঐতিহাসিক ভাষন প্ৰদান কৰি হিন্দু ধৰ্মক বিশ্বৰ দৰবাৰত তুলি ধৰিছিল।
 
তেওঁৰ ঐতিহাসিক ভাষণত সকলো ধৰ্মবক্তা আৰু পণ্ডিতৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়।
আজি লিডুৰ ৰুট্স-টু-ফ্ৰুট্স প্লে-হাউচত লেট্স স্প্ৰেড নওলেজ (Lets Spread Knowledge) ৰ উদ্যোগত পালন কৰা হয় বিশ্ব ভাতৃত্ব দিৱস।
 
আজিৰ এই দিৱস উদযাপন কৰাৰ মুখ্য উদ্দেশ্য হৈছে সকলো জনসাধৰণক নিজৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৰ মাজত ভাতৃত্ব বোধ গঢ়ি তোলা। ইয়াৰ উপৰিও আজিৰ এই অনুষ্ঠানত লেট্স স্প্ৰেড নওলেজে লিডুৰ খ্যাত সাংবাদিক তথা তিনিচুকীয়া জিলা সংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰানা জ্যোতি নিওগৰ জন্মদিন উপলক্ষে শুভেচ্ছা জনোৱাৰ লগতে এখনি অনুষ্ঠানৰ আয়োজন কৰে।
 
আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক জগৎ চাংমাই, সাংবাদিক ৰাণা জ্যোতি নিওগৰ লগতে অন্যান্য এন.জি.ও আৰু সমাজ সেৱাৰ লগত জৰিত গনমান্য ব্যক্তি উপস্থিত থাকি সভাখন সুচাৰুৰূপে পৰিচালনা কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।