সৰুপথাৰত পঞ্চায়ত প্ৰতিনিধিৰ তীব্ৰ প্ৰতিবাদ

 09/20/2021 - 17:22
 
 
সৰুপথাৰঃ গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ অন্তর্গত ২১ খন গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক সদস্য আৰু ৱাৰ্ড সদস্য সকলে একত্ৰিত হৈ ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ।
 
তেওঁলোকৰ এই কাৰ্যসূচীত জিলা পৰিষদৰ সদস্য সকলেও সহযোগ কৰে। প্ৰায় ২৪ মাহতকৈ অধিক সময় এইসকল পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে বঞ্চিত হৈ আছে তেওঁলোকৰ প্ৰাপ্য মাননিৰ পৰা।
 
চলিত বর্ষৰ জুলাই মাহত বিভাগীয় মন্ত্রী ৰঞ্জিত দাসে পঞ্চায়তৰ জনপ্ৰতিনিধি সকলৰ প্ৰাপ্য দিবৰ বাবে চৰকাৰে ১৭০ কোটি টকা মুকলি কৰি দিয়াৰ কথা সদৰী কৰিছিল। বিভাগীয় মন্ত্রী গৰাকীৰ ঘোষণাৰ পিছটো পঞ্চায়তৰ জনপ্ৰতিনিধি সকলে আজি পৰ্য্যন্ত তেওঁলোকৰ প্ৰাপ্য পাবলৈ সক্ষম নহল। যাৰ ফলত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল এই সকল পঞ্চায়ত প্ৰতিনিধি।
 
ধনশিৰি মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে পঞ্চায়ত প্ৰতিনিধি সকলে। এসপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্য মুকলি কৰি নিদিলে কৰ্মবিৰতি আৰু পৰৱৰ্তী সময়ত পঞ্চায়ত কাৰ্যালয়ত অনিদিষ্ট কাললৈ তলা বন্ধ কৰাৰ হুংকাৰ দিয়ে পঞ্চায়ত প্ৰতিনিধি সকলে। 
 
 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।