মৈৰাবাৰী আৰক্ষীৰ জালত পাছপৰ্টৰ দালাল

 10/04/2021 - 19:31
 
 
 
মৈৰাবাৰীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দালালৰ বিৰুদ্ধে কঠোৰ স্থিতি ল’বলৈ নিৰ্দেশ দিছে অসম আৰক্ষীক। একে নিশাই ধৰিলে মাটিৰ দালাল। কিন্তু অসমত ক’ত দালাল নাই। এইবাৰ পোহৰলৈ আহিছে মৰিগাঁও জিলাৰ সীমান্ত আৰক্ষীৰ কাৰ্যালয়ত চলি থকা দালালৰাজ। মৈৰাবাৰী আৰক্ষীৰ জালত কুখ্যাত পাছপৰ্ট  দালাল জাকাৰীয়া আলম গ্ৰেপ্তাৰ। বহিঃৰাষ্ট্ৰলৈ নাগালেণ্ডৰ হৈ TAEKWON-DO খেলিবৰ বাবে যাবলৈ বিচৰা মৈৰাবাৰীৰ এজন উদিয়মান খেলুৱৈৰ  অভিযোগৰ প্ৰামাণিক তথ্যৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাছপৰ্টৰ দালাল জাকাৰীয়া আলমক।
 
জাকাৰীয়া আলমে ধিং থানা এলেকাত ২০১৫ চনত এটি ডকাইটী কাণ্ড সংঘটিত কৰি ১০ লাখ টকা লুট কৰি দীৰ্ঘদিন সোনীতপুৰৰ ঠেলামাৰাত পলাই আছিল। কিন্তু আজিৰ পৰা ১০ মাহৰ আগতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষকৰ কৃপাধন্যহৈ মুকলিলৈ ওলাই আহি মৰিগাঁও আৰক্ষীৰ হৈ ধন সংগ্ৰহ কৰিছিল বহুলোকৰ পৰা। মুৰত আমআদমিৰ টুপি পিন্ধি জাকাৰীয়াই চলাইছিল দালালী বেপাৰ। সমান্তৰালকৈ চলাই গৈছিল পাছপৰ্টৰ নামত ৰমৰমিয়া বেহা। বৰ্তমান নৱনিযুক্ত আৰক্ষী অধীক্ষক অৰ্পনা  নটৰাজনৰ দিনত জাকাৰিয়াৰ সান্দহ খোৱা বালি তল পৰে।
 
কিন্তু মৰিগাঁও সীমান্ত আৰক্ষীৰ কাৰ্যালয়ত চলি আছিল জাকাৰীয়াৰ দালালী। খেলুৱৈজনৰ পৰা ২৫ হাজাৰ টকা দাবী কৰি পাছ হাজাৰ টকা চমজি লৈছিল জাকাৰিয়া আলমে। এই সন্দৰ্ভত জাকাৰীয়াৰ এক ফোন ৰেকৰ্ডিং সহ খেলুৱৈ জনে মৈৰাবাৰী থানাত এক এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে আজি পুৱতি নিশা আটক কৰিবলৈ সক্ষম হৈছে জাকাৰীয়াক। জাকাৰীয়া জালত পৰিল সচা কিন্তুু মৰিগাঁও সীমান্ত আৰক্ষীৰ কোন ডি এছ পিৰ হৈ টকা সংগ্ৰহ কৰিছিল জাকাৰীয়াই। তদন্তৰ আওটালৈ আহিবনে মৰিগাঁও বৰ্ডাৰ ডি এছ পি ধনিৰাম বৰা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।