চাপৰ আৰক্ষী আৰু চি আৰ পি এফৰ বৃহৎ সফলতাঃ বৃহৎ পৰিমাণৰ চুলাই জব্দ

 10/27/2021 - 14:19
 
 
চাপৰঃ চাপৰ আৰক্ষীৰ এক বৃহৎ সফলতা। চুলাই মদৰ ঘাটিত অভিযান বৃহৎ পৰিমাণৰ চুলাই জব্দ কৰিবলৈ সক্ষম হয়। ধুবুৰী জিলাৰ চাপৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰনৱ দলেৰ নেতৃত্বত চাপৰ থানাৰ অন্তৰ্গত বতৰতল গাঁৱত এই অভিযান।
 
 
উল্লেখ্য যে উক্ত চুলাই মদখিনি ধান খেতি, বাকচ আদি বিভিন্ন ঠাইত ৰাখি থৈ দিয়ে। এক গোপন সূত্ৰৰ পমখেদি চাপৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰনৱ দলে আৰু চি আৰ পি এফৰ এক সজাতি দলে অভিযান চলাই আবকাৰী বিভাগৰ সহযোগত উক্ত চুলাই মদৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।