শিলচৰত মাৰণাস্ত্ৰ দেখুৱাই বাহন হাইজেক কৰাৰ চেষ্টা দুই যুৱকৰ

 10/31/2021 - 19:08
 
 
 
শিলচৰঃ কাছাৰত দিন-দুপৰতে এখন বাহন হাইজেক কৰাৰ সময়তে ৰাইজৰ হাতত ধৰা পৰিল যুৱক দুজন৷ শিলচৰ কুম্ভিৰগ্ৰাম বিমানবন্দৰৰ সম্মুখত ঘটনাটো সংগঠিত হৈছে৷ ধৃত যুৱক দুইজনৰ পৰা চাৰিটা কৈ পিষ্টল, কেইবাজাঁই সজীৱ গুলিসহ একাধিক মাৰণাস্ত্ৰ জব্দ কৰা হৈছে৷ বৰ্তমানত উদাৰবান্দ আৰক্ষীক গতাই দিয়া হৈছে ধৃত যুৱক দুজনক৷
 
ধৃত যুৱক দুজনৰ নাম বিক্ৰমজিত সিংহা আৰু বিক্ৰানজিত সিংহা৷ দেওবাৰে পুৱা বিমানবন্দৰ যোৱাৰ কথা কৈ শিলচৰ চহৰৰ পৰা এখন বাহন ভাড়া কৰিছিল বিক্ৰমজিত আৰু বিক্ৰানজিতে৷ কিন্তু বিমানবন্দৰ পোৱাৰ পাছত চালকক পিষ্টল দেখুৱাই বাহনখন হাইজেক কৰাৰ চেষ্টা কৰে যুৱক দুজনে৷ প্ৰাণ ৰক্ষা কৰিবলৈ চলন্ত গাড়ীৰ পৰা জাপ দিয়ে চালকে৷
 
ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয়লোকে লগে লগে আগ ভেটি ধৰি বাহনে সৈতে যুৱক দুজনক আটক কৰে৷ দুয়োৰে তালাচী চলাই মাৰনাস্ত্ৰ খিনিও উদ্ধাৰ কৰে৷ পিছত আৰক্ষীকো খবৰ কৰি আৰক্ষাক গতাই দিয়ে দুয়োকে। বৰ্তমানে উদাৰবন্দ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ ধৃত দুজন কোনো জঙ্গী সংগঠনৰ সদস্য হব বুলি আৰক্ষীৰ প্ৰাথমিক অনুমান।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।