জনতাৰ মূৰত ৰাম টাঙোন! LPG কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ২৬৬ টকা

 11/01/2021 - 12:48
 
 
 
নিউজ ডেস্কঃ প্ৰতিদিনে বৃদ্ধি হৈ আছে পেট্ৰ’ল-ডিজেলৰ তথা চিলিণ্ডাৰৰ মূল্য। এইবাৰ এল পি জি চিলিণ্ডাৰৰ মূল্য একেবৰাতে ২৬৬ টকা বৃদ্ধি পাইছে।ফলত ১৯ কিলোগ্ৰামৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম আজিৰে পৰা ২০০০.৫০ টকা হ’লগৈ। ।ইয়াৰ পূৰ্বে ১৭৩৪ টকা আছিল এই চিলিণ্ডাৰৰ দাম। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা নাই।১৯ কেজি ওজনৰ একোটা কমাৰ্চিয়েল গেছৰ মূল্য মুম্বাইত ১৬৮৩ টকাৰ সলনি ১৯৫০ টকা হৈছে।কলকাতাত এতিয়া ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দাম ২০৭৩.৫০ টকা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।