বাজিতপাৰাত জে বি ক্লাৱৰ সৌজন্যত অনুষ্ঠিত হোৱা এককালীন প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাখনৰ খিতাপ দখল ধুবুৰী জিলাৰ অগ্ৰণী ফুটবল দল চাপৰ চাহ বাগিচাৰ

 11/01/2021 - 18:53
 
 
 
 
 
 চাপৰঃ ধুবুৰী-বঙাইগাঁও সীমান্তবৰ্তী বাজিতপাৰাত জে,বি ক্লাৱৰ সৌজন্যত জে,বি ক্লাৱ খেলপথাৰত চলি থকা স্বৰ্গীয় পদ্মলোচন ৰায় সৰকাৰ আৰু স্বৰ্গীয় হেমন্ত কুমাৰ দত্ত বৰুৱাৰ সোঁৱৰণীত এককালীন প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাখনৰ আজিৰ চুড়ান্ত খেলখন বঙাইগাঁও জিলাৰ কাকৰাগাঁও ৰাভাপাৰা ফুটবল দল বনাম ধুবুৰী জিলাৰ চাপৰ চাহ-বাগিচা ফুটবল দলৰ মাজত বাজিতপাৰা জে,বি ক্লাৱ খেলপথাৰত অনুষ্ঠিত হয়। হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত তীব্ৰ উত্তেজনামূলক খেলখনত নিৰ্দ্ধাৰিত সময়ত দুয়োটা দলে ১-১ গ'লত সমাপ্ত কৰে।
 
পিছত টাইব্ৰেকাৰ পদ্ধতিৰে ধুবুৰী জিলাৰ চাপৰ চাহ-বাগিচা ফুটবল দলে বঙাইগাঁও জিলাৰ কাকৰাগাঁও ৰাভাপাৰা ফুটবল দলক ৮-৭ গ'লত পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয়। উক্ত বঁটা বিতৰণি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে KAC ৰ মুখ্য কাৰ্যবাহী পৰিষদ গোকুল বৰ্মনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি। সাংবাদিকৰ আগত KAC ৰ মূখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনে কয় যে KAC অধ্যুশিত অঞ্চলত ক্ৰীড়াৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।