২০০ টকা নহয়, দীপাৱলী উপলক্ষে হাজোত উপলব্ধ হৈছে ১০০ টকা প্ৰতিলিটাৰ মূল্যত মিঠাতেল

 11/03/2021 - 14:43
 
 
নিউজ ডেস্কঃ বৃহস্পতিবাৰে পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলীৰ প্ৰাকক্ষণত তীৰ্থনগৰী হাজোত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য। মিঠাতেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তে তীৰ্থনগৰী হাজোৰ ৰাইজলৈ দিপাৱলী উপলক্ষে আগবঢ়োৱা হৈছে ১০০ টকা মূল্যত সৰিয়হৰ তেল। শ্ৰীশ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বছৰেকত ৰাহি হোৱা মিঠাতেল দিপাৱলীৰ বন্তি জ্বলাবলৈ মন্দিৰ পৰিচালনা সমিতিয়ে হাজোৰ ৰাইজৰ বাবে আগবঢ়াইছে ১০০ টকা মূল্যত। হাজোৰ ৰাইজলৈ মন্দিৰ পৰিচালনা সমিতিয়ে বন্তি জ্বলাবৰ বাবে ৰেহাই মূল্যত মিঠাতেল প্ৰদান কৰিছে। উল্লেখ্য যে প্ৰতিবছৰেই দীপাৱলীৰ প্ৰাকক্ষণত বন্তি জ্বলাবলৈ হাজোৰ ৰাইজলৈ ৰেহাই মূল্যত দিয়া হয় মিঠাতেল। ইয়াকে লৈ মন্দিৰ চৌহদত দীঘলীয়া শাৰী দেখা যায়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।