বিহালীত সাহিত্য সভাৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যু দিৱস পালন

 11/05/2021 - 16:27
 
 
 
 
 বিহালীঃ আজি সমগ্ৰ দেশৰ লগতে বিহালীতো পালন কৰা হয় সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যু দিৱস৷ দক্ষিন বিহালী শাখা সাহিত্য সভাৰ  উদ্যোগত আৰু স্থানীয় মহিলা "যুৱকৰ সহযোগিতাত পুৱা সম্পাদক খগেন মটকে আঁত ধৰা সভাত সভাপতি গোপাল উপাধ্যায়ে পতাকা উত্তোলন কৰে৷ ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা পূব বিহালী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰজনী সিংহয়।
 
ইয়াৰ পিছত দেবকান্ত শৰ্মা "দিলীপ বৰা: জয়ন্ত হাজৰিকাক আৰু মহেন্দ্ৰ উপাধ্যায় এই চাৰি গৰাকী সাহিত্যপ্ৰেমীক নতুনকৈ আজীৱন সদস্য হিচাপে অন্তভুক্ত কৰি আদৰণি জনায়। ইয়াৰ পিছতে ভৃপেন হাজৰিকাৰ ওপৰত বক্তব্য প্ৰদান কৰে ক্ৰমে- ৰজনী সিংহ " দিলীপ বৰা "নন্দ কৰেল " সদস্য নিৰঞ্জন দাস "জিলাৰ সদস্য "গজেন শৰ্মা" মহিলা সমিতিৰ হৈ উত্তৰা দেবী নাট্যকাৰ দেবশকান্ত শৰ্ম আদিয়ে। অন্যহাতে সন্ধিয়া শিশুসকলৰ মাজত ভূপেন্দ্ৰ সংগীত আৰু নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও স্থানীয় শিল্পীসকলৰ দ্বাৰা সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হ’ব বুলি সভাপতি/সম্পাদকে জানিবলৈ দিছে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।