লোকসভা অধ্যক্ষ পদৰ দৌৰৰ শীৰ্ষত মানেকা গান্ধী

 06/04/2019 - 12:45

ডিজিটেল ডেস্কঃ লোকসভা অধ্যক্ষ পদৰ দৌৰত মানেকা গান্ধীৰ লগতে আন দুজন বিজেপি নেতাৰ নাম চৰ্চালৈ আহিছে। সপ্তদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অহা ১৭ জুনত অনুস্থিত হোৱাৰ লগতে ১৯ জুনত হ’ব লোকসভা অধ্যক্ষ পদৰ বাবে নিৰ্বাচন।

নতুন চৰকাৰ গঠন কৰাৰ পাছত লোকসভাৰ অধ্যক্ষ পদৰ বাবে বিজেপিৰ শীৰ্ষমহলত ইতিমধ্যেই বাছনি প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেই দুজন হ’ল ৰাধামোহন সিং আৰু বীৰেন্দ্ৰ কুমাৰ। এক বিশেষ সুত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয় সংবাদে প্ৰকাশ কৰিছে এই তথ্য।

প্ৰাপ্ত খবৰ অনুসৰি এই তালিকাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ নামো আছে। কেইবাজনো নেতাৰ দৌৰৰ মাজতে ৮ বাৰকৈ সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব পালন কৰা অভিজ্ঞতাসম্পন্ন মানেকা গান্ধীৰ নাম সকলোতকৈ আগত বুলি জানিব পৰা গৈছে। ইফালে ৰাধামোহন সিং আৰু বীৰেন্দ্ৰ কুমাৰো ৬ বাৰকৈ সাংসদ হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।