ৰঙিয়াত ই-ৰিক্সা দুৰ্ঘটনাগ্ৰস্তঃ আহত চাৰি, এজনৰ অৱস্থা সংকটজনক

 06/04/2019 - 17:56

ৰঙিয়াঃ ৰঙিয়া চহৰত আজি ই-ৰিক্সা এখন পথত বাগৰি পৰাত চালকসহ চাৰিজন যাত্ৰী আহত হয়। আহতসকলক ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও এজনক সংকটজনক অৱস্থাত জিএমচিএইছলৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ বিষয়ে জানিব পৰা মতে ৰঙিয়া ষ্টেচন কৰিয়াৰাৰ দুগৰাকী মহিলাসহ এগৰাকী বন্ধন বেংকৰ কৰ্মচাৰীয়ে বেংকৰ পৰা ধন উলিয়াবলৈ ই-ৰিক্সা এখনৰে গৈ আছিল।

 

থানাৰ সন্মুখৰ পথৰে ৰিক্সাখন প্ৰৱেশ কৰিবলৈ লওঁতে এজন হোমগাৰ্ডে বাধাপ্ৰদান কৰি ৰিক্সাখনৰ হেণ্ডেল টানি ধৰাত নিয়ন্ত্ৰণ হেৰুৱাই ৰিক্সাখন পথৰ ওপৰত বগৰি পৰে। ৰিক্সাখনত থকা যাত্ৰীসকল গুৰুতৰ ভাবে আহত হয়। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও সংকটজনক অৱস্থাত এজনক জিএম চিএইছলৈ প্ৰেৰণ কৰিব লগা হয়।

জিএমচিএইছলৈ প্ৰেৰণ কৰা মহিলা বেঙ্ক কৰ্মচাৰীগৰাকীৰ নাম জানিব পৰা হোৱা নাই যদিও মহিলাগৰাকী ৰঙিয়া মধুকুছিৰ বুলি নিশ্চিত হ’ব গৈছে। আনহাত ৰঙিয়াৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থকা আহত ব্যক্তিসকল মিনোৱাৰা বেগম(২৭)অজুফা বেগম(৩৭)ৰ লগতে চালক নজৰুল ইছলাম বুলি জানিব পৰা গৈছে। ইফালে আহত ব্যক্তিসকলে চাইদুল ইছলাম নামৰ হোমগাৰ্ডজনৰ বিৰূদ্ধে গোচৰ ৰুজু কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।