এপিএছচিৰ পৰা অসমীয়া ভাষা আঁতৰোৱাৰ সন্দৰ্ভত অখিলৰ প্ৰতিবাদ, টি-ছাৰ্টত অসমীয়া ভাষা সুৰক্ষাৰ শ্ল’গান

 12/23/2021 - 13:18
 
 
নিউজ ডেস্কঃ আজি চতুৰ্থটো দিন শীতকালিন বিধানসভা অধিবেশনৰ৷ বিধানসভাত উত্থাপন হ’ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত গো-সুৰক্ষা আইন, অসম আৰক্ষী সংশোধনী বিলৰ বাবেও মুখ্যমন্ত্ৰীয়ে প্ৰস্তাৱ আগবঢ়াব। উল্লেখ্য যে এই বিলখনক লৈ বিধানসভাৰ আৰম্ভনিতে সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ৷ এপিএছচিৰ পৰা অসমীয়া ভাষা আঁতৰোৱাৰ সন্দৰ্ভত আৰম্ভণিৰে পৰা প্ৰতিবাদত নামিছে বিৰোধী বিধায়ক অখিল গগৈয়ে৷
 
“ভাষা নাথাকিলে জাতি নাথাকে”, “APSCত অসমীয়া ভাষা শেষ?” – লিখা টি-ছাৰ্ট পৰিধান কৰি বিধানসভাত APSCৰ পৰা অসমীয়া ভাষা আঁতৰাব নোৱাৰিব বুলি প্ৰতিবাদ সাব্যস্ত কৰে অখিল গগৈয়ে৷ এই বিষয়ত উচ্চ ন্যায়ালয়ত স্থগিতাদেশ জাৰি কৰা দুগৰাকী অধিবক্তাক অভিনন্দন জনালে গগৈয়ে৷
 
ইয়াৰ উপৰি সদনত উত্থাপন হ’ব লগা গো সুৰক্ষা বিল, ২০২১ দফাই দফাই বিবেচনা কৰা হ’ব বুলি বিধানসভাত উপস্থিত হৈয়ে মত প্ৰদান কৰে৷ গো-সুৰক্ষা আইনৰ সংশোধনীক লৈ সৰৱ অখিলে গো-সুৰক্ষা আইনেৰে কৃষকৰ পৰম্পৰাত আঘাত কৰিছে বুলি কয়৷ পশুপালন, গো-পালন, কৃষি অৰ্থনীতিৰ অংগ বুলি উল্লেখ কৰি গো-সুৰক্ষা আইনৰ বিৰুদ্ধে প্ৰতিবাদ হ’ব লাগে বুলি সাংবাদিকৰ আগত কয়৷ ৰাজ্যত সংঘটিত এনকাউন্টাৰৰ ঘটনাবোৰ লুকুৱাবলৈ অসম আৰক্ষী সংশোধনী বিল অনাৰ চেষ্টা চলাইছে বুলি বিধায়ক অখিল গগৈয়ে মত প্ৰকাশ কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।