আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মজয়ন্তী

 12/25/2021 - 12:48
 
 
 
নিউজ ডেস্কঃ আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী,ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭সংখ্যক জন্মজয়ন্তী।বাজপেয়ীৰ জন্মজয়ন্তী উপলক্ষে সমাধিস্থলীত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।তেখেত মুঠ তিনিবাৰৰ বাবে, পোনপ্ৰথমবাৰ ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে (১৬ মে' ১৯৯৬-১ জুন ১৯৯৬), তাৰপাছত ১৯৯৮ - ১৯৯৯ চনত ১৩ মাহৰ বাবে (১৯ মাৰ্চ ১৯৯৮ , দ্বাদশ লোকসভা) আৰু চুড়ান্তভাৱে ১৯৯৯ চনৰ পৰা ২০০৪ (ত্ৰয়োদশ লোকসভা-২২ মে' ২০০৪) চনলৈ মুঠ ৫ বছৰকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৬ আগষ্ট ২০১৮ তাৰিখে সন্ধিয়া ৫-০৫ বজাত দিল্লীৰ এইমছত (অখিল ভাৰতীয় আয়ুৰ্বি়জ্ঞান সংস্থান, নতুন দিল্লী) তেখেতৰ মৃত্যু হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।