আজি বলিউডৰ জনপ্ৰিয় অভিনেতা চলমান খানৰ জন্মদিন

 12/27/2021 - 13:13
 
 
নিউজ ডেস্কঃ আজি বলিউডৰ জনপ্ৰিয় অভিনেতা চলমান খানৰ জন্মদিন। জন্মদিনৰ এটা দিনৰ পূৰ্বে অভিনেতা গৰাকীক দংশন কৰিছিল এটা বিষাক্ত এটা সাপে। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত চলমানে শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে কিছু কথা। অভিনেতাগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়- মই ফাৰ্ম হাউচত আছিলো আৰু সেই সময়ত দেখিলো যে এটা সাপ ঘৰৰ ভিতৰলৈ আহিছিল।
 
মই সাপটো মৰাৰ পৰিৱৰ্তে লাঠীৰে বাহিৰলৈ উলিয়াবলৈ চেষ্টা কৰিছিলো।অভিনেতাগৰাকীয়ে লগতে কয়,- মই লাঠীৰে বাহিৰলৈ উলিয়াবলৈ লওঁতেই সাপটো লাহে লাহে মোৰ হাতৰ ফালে আহি মোক দংশন কৰে। মই সাপটোক হাতেৰে ধৰি লৈছিলো, সেই সময়তে মোক তিনিবাৰকৈ দংশন কৰিছিল সাপটোৱে। ‘অভিনেতাগৰাকীয়ে সদৰি কৰে যে সাপে দংশন কৰাৰ পাছত তেওঁক লগে লগে হাস্পতালত ভৰ্তি কৰা হয়।প্ৰায় ৬ঘণ্টা ধৰি হাস্পতালত চিকিৎসা প্ৰদান কৰাৰ পাছতহে তেওঁ সুস্থ হয়। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।