আজি বিশিষ্ট উদ্যোগপতি ধীৰুভাই আম্বানী আৰু ৰতন টাটাৰ জন্মদিন

 12/28/2021 - 12:38
 
 
নিউজ ডেস্কঃ আজি বিশিষ্ট উদ্যোগপতি ধীৰুভাই আম্বানী আৰু ৰতন টাটাৰ জন্মদিন। দেশৰ দুয়োজন প্ৰসিদ্ধ ব্যৱসায়ীৰ জন্ম একে তাৰিখতে হৈছিল। ১৯৩২ চনৰ ২৮ ডিচেম্বৰত গুজৰাটৰ চৰৱাৰ্ডত ধীৰুভাই আম্বানীৰ জন্ম হৈছিল আৰু ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত মুম্বাইত জন্মগ্ৰহণ কৰিছিল ৰতন টাটাই।

ৰতন টাটাই আজি ৮৩ বছৰত ভৰি দিলে। ধীৰুভাই আম্বানী আমাৰ মাজত নাই যদিও আজি তেওঁৰ ৮৯ সংখ্যক জন্মজয়ন্তী। ২০০২ চনৰ ৬ জুলাইত মুম্বাইত ইহলীলা সম্বৰণ কৰে ধীৰুভাই আম্বানীয়ে। ৰিলায়েন্স গ্ৰুপ আৰু টাটা গ্ৰুপ দেশৰ দুটা বৃহৎ কোম্পানী। এই দুটা কোম্পানীক বেলেগকৈ পৰিচয় কৰাৰ দিয়াৰ প্ৰয়োজন নাই।
 
এই দুয়োটা কোম্পানীয়ে দেশক আগুৱাই নিয়াত যথেষ্ট অৱদান আগবঢ়াইছে। দুয়োৰে আছে নিজা নিজা ইতিহাস। এই দুই প্ৰখ্যাত কোম্পানীৰ জন্মদাতা ধীৰুভাই আম্বানী আৰু ৰতন টাটাৰ জন্মদিন একে দিনাই হোৱাতো নিশ্চয়কৈ এক কাকতলীয় সংযোগ বুলিয়েই কব লাগিব। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।