ম্যানমাৰৰ ওপৰত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ, চুবুৰীয়া ৰাষ্ট্ৰখনৰ নিৰীহ হত্যাৰ তদন্তৰ দাবী ৰাষ্ট্ৰসংঘৰ

 12/28/2021 - 17:29
 
 
নিউজ ডেস্কঃ ম্যানমাৰত সেনাই নৃশংসভাৱে শিশু-মহিলাসহ ৩৮ গৰাকী অসামৰিক লোকক ওলীয়াই হত্যা কৰি বাহনৰ ভিতৰত এই লোকসকলৰ মৃতদেহ জ্বলাই দিয়া ঘটনাক লৈ বিশ্বজুৰি প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে ৰাষ্ট্ৰসংঘই স্বচ্ছ আৰু বিস্তাৰিত তদন্ত দাবী কৰিছে। উল্লেখনীয় যে ম্যানমাৰত সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে জনসাধাৰণে প্ৰতিবাদ অব্যাহত ৰাখিছে।
 
শেহতীয়াকৈ কায়াহ প্রদেশত এখন গাঁৱত নির্বিচাৰভাৱে নিৰীহ লোকসকলক হত্যা কৰিছে ম্যানমাৰৰ সেনাই। সেনাই সন্ত্রাসবাদী সংগঠনৰ সদস্যক গুলীয়াই হত্যা কৰা বুলি দাবী কৰিছে যদিও দেশখনৰ মানবাধিকার সংগঠন এটাই সেনাৰ পাশৱিক আতিশয্যৰ তথ্য পোহৰলৈ আনিছে। শেহতীয়াকৈ সেনাই বৰ্বৰভাৱে নিৰীহ লোকসকলক হত্যা কৰা ঘটনাৰ আলোকচিত্রও মুকলি কৰি দিছে মানবাধিকাৰ সংগঠনটোৱে। ইয়াৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।